প্ৰথম পদক্ষেপ হিচাপে আপুনি এইটো বুজি উঠা প্ৰয়োজন যে STI সমূহ বিভিন্ন প্ৰকাৰে বিয়পিব পাৰে। আপুনি ইয়াত সবিশেষ পঢ়িবলৈ পাব।
বীর্য, যোনি আৰু গুহ্যদ্বাৰৰ তৰল জাতীয় পদাৰ্থৰ দ্বাৰা STI সমূহৰ সংক্রমণ ৰোধ কৰাৰ বাবে কণ্ডম, ডেণ্টেল ডেম আদি ব্যৱহাৰ কৰাটো এক ফলপ্ৰসূ উপায়। এই ৰোগ সমূহ যেনে গনেৰিয়া আৰু ক্লেমাইডিয়া। কণ্ডম তথা ডেন্টেল ডেমৰ ব্যৱহাৰে ছালৰ পৰা ছাললৈ বিয়পা STI সমূহকো বাধা দিয়ে বিশেষকৈ যেতিয়া পৰস্পৰৰ লিংগৰ ঘৰ্ষণ আদি কৰা হয়।
আপিনি যদি কণ্ডম ব্যৱহার নকৰে তেন্তে, স্নেহ পদাৰ্থৰ ব্যৱহাৰেও ছালৰ পৰা নিৰ্গত ক্ষুদ্ৰ ক্ষুদ্ৰ বীজলুৱা পদাৰ্থ যি সমূহৰ দ্বাৰা STI বিয়পাৰ আশংকা থাকে, সেই সমূহ নিৰ্গমণত বাধা দিব। আপুনি যদি স্নেহ পদাৰ্থ বা কণ্ডম সংগ্ৰহ কৰিব পৰা নাই তেন্তে অন্যান্য বিকল্প কিছুমান সামগ্ৰীৰ ইয়াত জানিব পাৰিব। হেপাটাইটিস-এ আৰু এইচ পি ভিৰ দৰে কিছুমান STI ভেকচিন যৌন কাৰ্য সম্পন্ন কৰাৰ পূৰ্বে ব্যৱহাৰৰ দ্বাৰা STI সংক্ৰমণত বাধা দিব পাৰি। এই ভেকচিন সমূহ ক'ত আৰু কেনেদৰে উপলব্ধ সেই বিষয়ে ইয়াত সন্ধান কৰক।
যদি আপুনি এইচ আই ভি নিগেটিভ, তেন্তে এই ক্ষেত্ৰত এইচ আই ভি প্ৰতিৰোধ বহু নতুন আৰু উত্তম উপায় আছে। PrEP হৈছে যৌন কাৰ্য কৰাৰ পূৰ্বে নিয়মীয়াকৈ ব্যৱহাৰ কৰিব পৰা এবিধ বড়ি যিয়ে এইচ আই ভি সংক্ৰমণত বাধা দিয়ে। যদি আপুনি নিশ্চিত হৈছে যে আপুনি ইতিমধ্যে এইচ আই ভিৰ সংস্পৰ্শলৈ আহিছে তেন্তে ৭২ ঘণ্টাৰ ভিতৰত PrEP গ্ৰহণ কৰি এই ভাইৰাছ প্ৰতিৰোধ কৰিব পাৰে।PrEP আৰু PEP য়ে কেৱল এইচ আই ভি হে প্ৰতিৰোধ কৰিব পাৰে, ইয়াৰ দ্বাৰা অন্যান্য STI সমূহ প্ৰতিৰোধ নহয়।
আপুনি কেনেধৰণৰ যৌন সম্পৰ্ক উপভোগ কৰিব বিচাৰে সেয়া প্ৰয়োজনীয় নহয়, প্ৰতি ৩-৬ মাহৰ মূৰে মূৰে STI পৰীক্ষা কৰি আপুনি অধিক সুৰক্ষিত আৰু নিচিন্ত হৈ থাকিব পাৰে। এই পৰীক্ষা সমূহ ক'ত কৰিব পাৰি সেই বিষয়ে ইয়াত সন্ধান কৰক আৰু আপুনি কি কৰি ভাল পায় সেই ক্ষেত্ৰলৈ উলটি যাওক।