যৌন সংক্ৰমিত ৰোগ (যাক STD বা STI বুলি কোৱা হয়) হৈছে এক প্ৰকাৰৰ ঘাঁ জাতীয় ৰোগ যি যৌন কাৰ্যৰ দ্বাৰা এজনৰ পৰা আন এজনলৈ বিয়পিব পাৰে। সাধাৰণতে বিভিন্ন প্ৰকাৰৰ STI আছে যাৰ সংক্ৰমণ আপুনি কেনে ধৰণৰ আৰু কেনে ধৰণে যৌন কাৰ্য সম্পন্ন কৰিছে সেই লৈ নিৰ্ভৰ কৰে।
সকলো ধৰণৰ STI য়েই একে পদ্ধতিৰে সংক্ৰমণ নহয়। কিছুমান STI যেনেঃ গনৰিয়া আৰু ক্লেমাইডিয়া আদি দেহৰ বিভিন্ন অংশ যেনে গুহদ্বাৰ, যোনীদ্বাৰ আদিৰ পৰা নিৰ্গত হোৱা বীজলুৱা পদাৰ্থৰ দ্বাৰা বিয়পে আৰু চিফিলিছ বা উপদংশ আদি ৰোগ ছালৰ পৰা ছাললৈ বিয়পে।
কেতিয়াবা আপোনাৰ নতুবা আপোনাৰ সংগী জনৰো STI থাকিব পাৰে অথচ কোনো ধৰণৰ লক্ষণ প্ৰদৰ্শন নহ'বও পাৰে। গতিকে আপুনি কোনো এজন ব্যক্তিৰ STI সম্পৰ্কে কেৱল চাক্ষুষ দৰ্শনৰ দ্বাৰাই কৈ দিব নোৱাৰে। গতিকে আপুনি আপোনাৰ সংগী জনৰ শেহতীয়া পৰীক্ষণ সম্পৰ্কে সুধিব পাৰে বা দুয়োয়ে যৌন কাৰ্য কৰাৰ পূৰ্বে যৌন স্বাস্থ্য পৰীক্ষা কৰি ল'ব পাৰে।
এইটো মনত ৰখা দৰকাৰ যে আপোনাৰ STI থাকিলে বুলিয়েই আপুনি এজন অসচেতন ব্যক্তি নহয়। বহু লোকৰ জীৱনৰ কোনো এক সময়ত STI হয় আৰু ইয়াৰ বহু সংখ্যক ৰোগেই চিকিৎসাৰ দ্বাৰা ভাল কৰিব পাৰি বা লক্ষণ সমূহ কমাব পাৰি। সঘন পৰীক্ষণ আৰু STI ৰ উপশম সম্পৰ্কীয় পদ্ধতি সমূহ বুজি ল'লে আপুনি বিপদৰ মাত্ৰা কমাব পাৰিব।
বিশেষ কিছুমান STI সম্পৰ্কীয় তথ্যৰ বাবে এই উৎসটোত চকু ফুৰাব পাৰে (ইংৰাজী আৰু স্পেনিছ ভাষাত উপলব্ধ)