আপুনি চেক্স টইজ, স্নেহ পদাৰ্থ আৰু অন্যান্য সুৰক্ষা পদ্ধতিৰ বিকল্প সন্ধান কৰাৰ বিভিন্ন কাৰণ থাকিব পাৰে। আপোনাৰ বাবে এই সামগ্ৰী সমূহ সহজে উপলব্ধ নহ'ব পাৰে, বা আপুনি আপোনাৰ পৰিয়ালৰ সৈতে বসবাস কৰে বা এনে কিছুমান ঠাইত থাকে য'ত আপুনি এই সমূহ ক্ৰয় কৰিবলৈ অসুবিধা অনুভৱ কৰে বা আপুনি এগৰাকী তৃতীয় লিংগৰ ব্যক্তি হ'ব পাৰে যি নেকি বিভিন্ন সুৰক্ষা পদ্ধতি সমূহ যি আপোনাৰ দেহৰ বাবে উপযুক্ত আৰু আপুনি বিচৰা ধৰণৰ যৌন কাৰ্যৰ বাবে সুবিধাজনক সেই বিষয়ে জানিবলৈ বা বিচাৰি পাবলৈ অক্ষম।
আপোনাৰ পৰিস্থিতি যিয়েই নহওঁক কিয়, আপুনি সদায় সেই সমূহ সামগ্ৰীহে ব্যৱহাৰ কৰা উচিত যি সমূহ বিশেষ উদেশ্যৰ বাবেই প্ৰস্তুত কৰা হৈছে। এটা প্ৰকৃত লিংগত ব্যৱহাৰৰ কৰা আঙঠিয়েইহে ইয়াৰ প্ৰস্তুত কৰণৰ উদ্দেশ্য সম্পন্ন কৰিবলৈ সক্ষম আৰু আটাইতকৈ সুৰক্ষিত সুৰক্ষা পদ্ধতিটোৱেই হৈছে কণ্ডম আৰু ডেণ্টেল ডেমচ্ ।অৱশ্যে কিছুমান বিকল্প সামগ্ৰীয়ো উপযুক্ত হ'ব পাৰে যদিহে ইয়াৰ ব্যৱহাৰ সঠিক ৰূপত কৰা হৈছে।
চেক্স টইজৰ বিকল্প সমূহ
ঘৰুৱা ভাৱে চেক্স টইজ এটা বিচাৰি পোৱাৰ বহুত সম্ভাৱনা থাকে। আপুনি কোনো ডিল্ড', লিংগত পিন্ধা আঙঠি বা অন্যান্য সামগ্ৰী যিয়েই নিবিচাৰক কিয়, এই ক্ষেত্ৰত এইটো বিশেষ গুৰুত্বপূৰ্ণ কথা যে এই সামগ্ৰী সমূহ যি সমূহৰ প্ৰকৃত ব্যৱহাৰৰ পৰিৱৰ্তে হোৱা ব্যৱহাৰৰ ক্ষতিকাৰক প্ৰভাৱ সমূহ কমাবলৈ বিশেষ সচেতন হৈ থকা।
যদি আপুনি কোনো ঘৰুৱা সামগ্ৰী ডিল্ড' হিচাপে ব্যৱহাৰ কৰিছে তেন্তে আপুনি এনে সামগ্ৰী সমূহৰ দ্বাৰা হ'ব পৰা ঘাঁ আদি প্ৰতিৰোধ কৰিবলৈ সামগ্ৰীবিধ কণ্ডমৰ দ্বাৰা আবৰি লওক। দাঁত ঘঁহা ব্ৰাছৰ নলী বা পাচলি যেনেঃ বেঙেনা, গাজৰ, ইত্যাদি বিশেষ জনপ্ৰিয় আৰু সহজ লভ্য। পাচলি সমূহ সম্পূৰ্ণ মসৃণ নহয় গতিকে ই কণ্ডমত বিন্ধাৰ সৃষ্টি কৰিব পাৰে যাৰ জড়িয়তে বেক্টেৰিয়াৰ আক্ৰমণ ঘটিব পাৰে। যিকোনো ডিল্ড' যাক আপুনি গুহ্যদ্বাৰত সমুৱাবলৈ ব্যৱহাৰৰ কৰিছে সেই সমূহৰ যাতে সম্পূৰ্ণ ৰূপে ভিতৰলৈ সোমাই নাযায় বা ভিতৰত আৱদ্ধ হৈ নপৰে তাৰ ব্যৱস্থা থকা দৰকাৰ।
ভাইব্ৰেটৰ হিচাপে ব্যৱহাৰ কৰা সামগ্ৰী যেনেঃ ইলেক্ট্রিক দাঁত ঘঁহা ব্ৰাছ বা আপোনাৰ মোবাইলফোন আদিৰ ব্যৱহাৰৰ পূৰ্বে এইটো নিশ্চিত হৈ লওঁক যে এইসমূহ পানীৰ সংস্পৰ্শত সুৰক্ষিত হয়নে নহয়। সদায় এই সামগ্ৰী সমূহ কণ্ডমৰে মেৰিয়াই লওঁক আৰু শৰীৰৰ একেবাৰে সংবেদনশীল অংশৰ পৰা আঁতৰত ব্যৱহাৰ কৰক।
লিংগত পিন্ধা আঙঠি আদিও আপুনি আপোনাৰ ঘৰুৱা সামগ্ৰীৰ দ্বাৰা তৈয়াৰ কৰি ল'ব পাৰে যেনেঃ ব্যৱহাৰ হোৱা কণ্ডমৰ প্লাষ্টিকৰ ঘূৰণীয়া অংশ আদি। ইয়াক সাধাৰণতে সামান্য সময়ৰ বাবেহে পিন্ধা হয় আৰু ই নমনীয় হ'ব লাগে যাতে লিংগ শিথিল হোৱাৰ পিছত ইয়াক সহজেই খুলি পেলাব পাৰি। যদি আপুনি এইদৰে পৰিধান কৰাৰ পিছত অসহজ অনুভৱ কৰিছে বা ঘৰ্ষণৰ ফলত ৰঙাপৰি গৈছে তেন্তে ততালিকে ইয়াক খুলি পেলাওক আৰু যদি খুলিব পৰা নাই, তেন্তে চিকিৎসকৰ সহায় লওঁক।
গাৰু, মুজা আদি সামগ্ৰী সমূহ হস্তমৈথুনৰ সহায়ক হিচাপে ব্যৱহাৰ কৰিব পাৰি, কাপোৰ মেলি দিওঁতে লগোৱা চেপেনা সমূহক স্তনাগ্ৰ চেপনি হিচাপে ব্যৱহাৰ কৰিব পাৰি, আকৌ বেল্ট, কৰণি, আৰু কাঠৰ কৰচলি আদি দাসত্ব ফেটিছৰ সহায়ক সজুঁলি হিচাপে ব্যৱহাৰ কৰিব পাৰি। যিহেতু এই সকলোবোৰ কেৱল বিকল্প সামগ্ৰী গতিকে ইয়াৰ ব্যৱহাৰৰ সময়ত এই সমূহৰ পৰা হ'ব পৰা ক্ষতি সম্পৰ্কে সাজু হৈ থকা দৰকাৰ যাতে সাম্ভাব্য বিপদৰ পৰিমাণ কম হয়।
চেক্স টইজৰ বিকল্পৰ ক্ষেত্ৰত অতি সচেতন মূলক কথা এই যে কোনো ধৰণৰ চোকা বা জোঙা সঁজুলি বা ইলেক্ট্রিক সামগ্ৰী বা সহজে ভাঙি যাব পৰা সামগ্ৰী কেতিয়াও ব্যৱহাৰ কৰিব নালাগে।
স্নেহ সামগ্ৰীৰ বিকল্প
যৌন ক্ৰিয়াৰ বাবে স্নেহ পদাৰ্থৰ বিশেষ প্ৰয়োজন যিয়ে যৌন কাৰ্য আৰামদায়ক কৰে আৰু STI সংক্ৰমণৰ সম্ভাৱনা কম কৰে। থুঁ, বা অন্যান্য দৈনিক দেহত ব্যৱহাৰ কৰা পিচল সামগ্ৰী এই স্নেহ পদাৰ্থৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি। Refinery29ত স্নেহ পদাৰ্থৰ এখন ভাল বিকল্প সামগ্ৰীৰ তালিকা আছে।
যদি আপুনি STI আৰু গৰ্ভধাৰণৰ প্ৰতিৰোধক হিচাপে কণ্ডম ব্যৱহাৰ কৰিছে তেন্তে আপুনি ব্যৱহাৰ কৰা বিকল্প স্নেহ জাতীয় সামগ্ৰীত তেল নথকাটো সু-নিশ্চিত কৰক কাৰণ তৈলজাত সামগ্ৰীয়ে কণ্ডম ফাটি যোৱাত সহায় কৰে আৰু ইয়াক ক্ষতিকাৰক কৰি তোলে।
স্নেহ সামগ্ৰী বা ইয়াৰ বিকল্প সম্পৰ্কীয় অধিক তথ্যৰ বাবে Center for Sexual Pleasure & Health's Guide to Lubeত সন্ধান কৰক।
প্ৰতিৰোধ পদ্ধতিৰ বিকল্প
কণ্ডম, ডেণ্টেল ডেম ইত্যাদিৰ দৰে বিকল্প প্ৰতিৰোধ পদ্ধতি বিচাৰি উলিওৱাটো একেবাৰে কঠিন। আপোনাৰ ওচৰত এই ব্যৱস্থা মজুত নাথাকিলে ইয়াৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পৰা ব্যৱস্থা একেবাৰেই কম।
প্লাষ্টিকৰ বেগ বা প্লাষ্টিকৰ যিকোনো আৱৰণ ইত্যাদিক কেতিয়াও প্ৰতিৰোধ সামগ্ৰী হিচাপে যৌন কাৰ্যত ব্যৱহাৰ কৰিব নোৱাৰি। কণ্ডমৰ আগ অংশত যৌন কাৰ্যত নিৰ্গত হোৱা শুক্ৰাণু সমূহ জমা হয় গতিকে এনে সামগ্ৰী সমূহৰে প্ৰতিৰোধৰ বিকল্প সামগ্ৰী তৈয়াৰ কৰি কৰা ব্যৱহাৰ STI বা গৰ্ভৰোধৰ বাবে একেবাৰে উপযুক্ত নহয়।
যিয়েই নহওঁক আপুনি কণ্ডমৰ ওপৰত বিশেষ কিছুমান আৱৰণ যেনেঃ লেটেক্স/লেটেক্স মুক্ত আৱৰণ বা অতি কম ৰেদিঅ' তৰংগৰ প্লাষ্টিকৰ আৱৰণ আদি ব্যৱহাৰ কৰি ডেণ্টেল ডেম তৈয়াৰ কৰিব পাৰি আৰু ইয়াৰ দ্বাৰা গুহ্যদ্বাৰ আৰু যোনীদ্বাৰ আৱৰি ৰাখিব পাৰি। এনে প্লাষ্টিকৰ সামগ্ৰী সমূহে যাতে কোনো ক্ষতিকাৰক সমস্যা সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতিও সচেতন হ'ব লাগে।
ইতিমধ্যে উল্লেখিত সকলো বিকল্পকে বিশেষকৈ কণ্ডমৰ বিকল্প হিচাপে অন্য কিবা ব্যৱহাৰ কৰিব পাৰে বুলি কোৱাৰ আমাৰ কোনো উদ্দেশ্য নাই, কাৰণ এই সমূহে কোনো ধৰণৰ STIৰ সংক্ৰমণ আৰু গৰ্ভধাৰণ ৰোধ কৰিব নোৱাৰে।
চেক্স টইজ, স্নেহ পদাৰ্থ, আৰু প্ৰতিৰোধ পদ্ধতিৰ বিকল্প সম্পৰ্কীয় কোনো প্ৰশ্ন থাকিলে আপুনি Planned Parenthood স্বাস্থ্য প্ৰশিক্ষকৰ সৈতে ইয়াত কথা পাতিব পাৰিব।