Truvada, Descovy, TENVIR EM ৰ দৰে ঔষধ সমূহৰ বাদেও অন্যান্য ঔষধ যেনে TDF/FTC ইত্যাদি সমূহ প্ৰকৃততে HIV-পজিটিভ ব্যক্তিৰ দেহৰ HIV ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ তৈয়াৰ কৰা হৈছে। সেয়ে হ'লেও HIV-নিগেটিভ ব্যক্তি এজনেও এই ঔষধ সমূহৰ ব্যৱহাৰৰ দ্বাৰা এই ৰোগৰ বীজাণুৰ সংক্ৰমণৰ ক্ষেত্ৰত বাধা প্ৰদান কৰিব পাৰে যদিহে ইতিমধ্যে ব্যক্তি এজন এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ আছে। U.S. ৰ খাদ্য আৰু ঔষধ পৰিচালনা পৰিষদে ইতিমধ্যে Truvada আৰু Descovy ক পেৰু, ফ্ৰান্স, দক্ষিণ আফ্ৰিকা, কেনিয়া, ইজৰাইল আৰু কানাডাটো এই ঔষধক PrEP হিচাপে ব্যৱহাৰৰ বাবে চৰকাৰী ভাৱে সন্মতি প্ৰদান কৰিছে।
থাইলেণ্ড আৰু ব্ৰাজিলৰ দৰে এনে বহু দেশ আছে য'ত পৰীক্ষণৰ পিছত ৰোগীয়ে PrEP ৰ সুবিধা লাভ কৰিব পাৰে। অৱশ্যে এতিয়াও এনে বহু দেশ আছে যি সমূহত বিশেষ কৰ্তৃপক্ষৰ আৱেদনৰ পিছতো এই সুবিধা প্ৰদান কৰিব পৰা হোৱা নাই।
সুবিধাৰ উপলব্ধতা থকা বা নথকা দেশ সমূহৰ বিষয়ে জানিবলৈ PrEP Watchত চকু ফুৰাব পাৰে।