এই প্ৰশ্নৰ উত্তৰটো কিছু অসুবিধাজনক। কিয়নো কিছুমান ব্যক্তিৰ বাবে মুক্ত ভাৱে এজন চিকিৎসকক নিজৰ যৌন অভিযোজন সম্পৰ্কে জনোৱাটো সুৰক্ষিত নহ'বও পাৰে। বিশেষকৈ যিবোৰ দেশত LGBT বিষয়টোক বে-আইনি বুলি ধৰা হয় বা চিকিৎসক আৰু ৰোগীৰ মাজৰ গোপনীয়তাক আইনে সুৰক্ষা নিদিয়ে।
অৱশ্যে, আপুনি য'দিহে আপোনাৰ চিকিৎসক জনক বিশ্বাসত ল'ব পাৰে তেন্তে তেওঁক আপোনাৰ লিঙ্গিয় পৰিচয় বা যৌন অভিযোজন সম্পৰ্কে নিশ্চয় জনাওঁক।কিয়নো, আপুনি কৰা যৌন সম্ভোগৰ প্ৰকাৰ সম্পৰ্কে জানিলেহে চিকিৎসক জনে প্ৰকৃত পৰীক্ষা এটা সমাপন কৰিবলৈ সক্ষম হ'ব, যিটোৱে আপোনাক সুস্থ কৰি ৰখাত সহায় কৰিব।
মনত ৰাখিব যে আপুনি চিকিৎসক এজনৰ ওচৰত লাভ কৰা অভিজ্ঞতা সমূহ সম্পূৰ্ণ সুৰক্ষিত নহ'বও পাৰে। বা ই আপোনাক লজ্জিত নকৰে বুলিয়ো ক'ব পৰা নাযায়।গতিকে আপোনাৰ চিকিৎসক জনে আপোনাক য'দি আপোনাৰ যৌন অভিযোজন সম্পৰ্কে কিবা ক'ব বিচাৰে , তেন্তে আপুনি মুক্তভাৱে কওঁক যে, এই সময়ত আপুনি কেৱল আপুনি ব্যৱহাৰ কৰিব লগীয়া ঔষধ সম্পৰ্কে জানিবলৈ হে ইচ্ছুক।
অধিক তথ্যৰ বাবে Greater Than AIDS ৰ ভিডিঅ'টো চাব পাৰে