এজন ব্যক্তিক আনডিটেক্টেবল বুলি কোৱা হ'ব য'দিহে তেওঁ এইচ আই ভি পজিটিভ আৰু তেওঁ এই ৰোগৰ ঔষধ নিয়মীয়াকৈ গ্ৰহণ কৰি থাকে। এই প্ৰক্ৰিয়াৰ মাধ্যমেৰে এইচ আই ভি ভাইৰাছক এনে ভাৱে দমন কৰি ৰখা হয় যে, একোটা সাধাৰণ তেজ পৰীক্ষাৰ দ্বাৰা এই ৰোগৰ বিষাণুৰ উপস্থিতি সম্পৰ্কে জনা নাযায়।
বৰ্তমান এই সম্পৰ্কে স্পষ্ট হোৱা গৈছে যে য'দিহে এজন ব্যক্তিৰ এইচ আই ভি 'আনডিটেক্টেবল' বুলি প্ৰমাণিত হয়, তেন্তে তেওঁ কেৱল সুস্থয়ে নহয়, আনকি তেওঁৰ দেহৰ পৰা এই ৰোগৰ বীজাণু অন্য এজন ব্যক্তিলৈ সংক্ৰমিত হ'বও নোৱাৰে। অৰ্থাৎ, Undetectable = Untransmittable (U=U).
এজন 'এইচ আই ভি' ৰোগীক চিকিৎসকে দিয়া বিধান মতে তেওঁ যেতিয়ালৈকে তেওঁৰ ঔষধ সমূহ নিয়মীয়া কৰিব, তেতিয়ালৈকে তেওঁক 'আনডিটেক্টেবল' বুলি ধৰা হ'ব।
অৱশ্যে 'আনডিটেক্টেবল' বুলি ক'লে এজন ব্যক্তি 'এইচ আই ভি'ৰ পৰা সম্পূৰ্ণ মুক্ত নুবুজায়। কিন্তু নিয়মীয়া ঔষধ গ্ৰহণেই ৰোগ প্ৰসমনৰ একমাত্ৰ ফলদায়ক উপায়।
কোনো কোনো 'এইচ আই ভি' ৰোগীৰ তেজত যদিহে এইৰোগৰ ভাইৰাছ বা বিষাণুৰ উপস্থিতিৰ সংখ্যা 'আনডিটেক্টেবল' নহয়, সেই অৱস্থাত তেনে এজন ব্যক্তিয়েও অৱশ্যে সুৰক্ষিত পদ্ধতিৰে যৌন সম্ভোগ কৰিব পাৰে। যেনেঃ কণ্ডমৰ ব্যৱহাৰৰ বা PrEP
(অধিক জানিবলৈ The Body/www.UequalsU.orgত সন্ধান কৰক)