বৰ্তমানলৈ এইটো স্পষ্ট হৈছে যে, য'দি এজন এইচ আই ভি ৰোগীক Undetectable বুলি কোৱা হয়, তেন্তে তেওঁ কেৱল স্বাস্থ্যগত ভাৱেই সুস্থ নহয়, আনকি তেওঁৰ দ্বাৰা অন্য এজন ব্যক্তিলৈ এইচ আই ভি ভাইৰাছ বিয়পাৰো শংকা নাথাকে। অৰ্থাৎ, Undetectable = Untransmittable (U=U)
'এইচ আই ভি'ৰ ইতিহাসত এই উন্নয়ন মাইলৰ ফলক বুলি বিবেচিত হৈছে। এজন আনডিটেক্টেবল এইচ আই ভি ৰোগীৰ পৰা যে তেওঁৰ যৌন সহযোগিলৈ ভাইৰাছ সংক্ৰমণৰ কোনো ভয় বা আশংকা নাথাকে সেই বিষয়ে নিশ্চিত হোৱা গৈছে। নিয়মীয়াকৈ ঔষধৰ ব্যৱহাৰ কৰি এইচ আই ভি ৰোগী এজনে তেওঁৰ দেহত থকা এইচ আই ভি ভাইৰাছক প্ৰশমিত অৱস্থাত ৰাখিব পাৰে আৰু সাধাৰণ সুস্থ ব্যক্তিৰ দৰে জীৱন অতিবাহিত কৰিব পাৰে।
অধিক তথ্যৰ বাবে www.UequalsU.org/Building Healthy Online Communitiesত সন্ধান কৰক